জামুগুৰিহাটঃ পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতো বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিজেপি দলত যোগদানৰ জোৱাৰ অব্যাহত আছে চতিয়া সমষ্টিত৷ আজি পুৱা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কন্যকা কৃষি পামত আয়োজিত এক অনুষ্ঠানত শতাধিক কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ নবিল টৌভঙাৰ যুৱ কংগ্ৰেছী নেতা ৰাজদ্বীপ শৰ্মাৰ নেতৃত্বত অঞ্চলটিৰ শতাধিক কংগ্ৰেছীয়ে দলৰ প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মসংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈয়ে বিজেপি দলত যোগদান কৰা বুলি মন্তৱ্য কৰে যুৱ কংগ্ৰেছী নেতা ৰাজদ্বীপ শৰ্মাই ৷
যোগদানকাৰী সকলক বিধায়ক পদ্ম হাজৰিকাই বিজেপি দলৰ প্ৰতীক সম্বলিত গামোচা আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায় ৷ যোগদানকাৰী সকলক উদ্দেশ্যি বিধায়ক পদ্ম হাজৰিকাই কয়- মোৰ সমষ্টিত এতিয়া কংগ্ৰেছ শূন্য ৷ কংগ্ৰেছৰ ভেটী উচ্ছন্ন হৈছে ৷ সমষ্টিটোত এতিয়া আমাৰ বিজেপি দলৰ ভেটী অধিক শক্তিশালী হৈ উঠিছে ৷ মিছিং স্বায়িত্ব পৰিষদৰ সদস্য ৰাজু চিন্তেৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মী যোগদানকাৰী সকলক দলত উচিত মৰ্যদা দিয়া হ'ব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানটিত বিধায়ক পদ্ম হাজৰিকাৰ সৈতে বিজেপি দলৰ অন্যান্য নেতা কৰ্মীসকলো উপস্থিত আছিল৷