নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি ননৈ কমলা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত দিনৰ ১২ বজাত এখনি আইনী স্বাক্ষৰতা সজাগতা সভা অনুষ্ঠিত হৈ যায়। আজিৰ সভাখনত উপস্থিত থাকি সভাখনি সঞ্চালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে।
সভাখনিত পেনেল অধিবক্তাৰূপে উপস্থিত থাকে শ্বেহনাজ চুলতানা, সমাজসেৱক তথা সাংবাদিক ঘনকান্ত বৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী লীলাৱতী শইকীয়াৰ উপৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীসকল জিলা আইন সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক পাপুমনি বৰা, দ্বীপেন শইকীয়াসহ প্ৰায় দুই শতাধিক ছাত্রী উপস্থিত থাকে। ইফালে কামপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়টো আজি এখন আইনী স্বাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হৈ য়ায়।
সভাখনি সঞ্চালনা কৰে আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে। শতাধিক ছাত্রী উপস্থিত থকা সভাখনিত আইনৰ বিভিন্ন বিষয়ৰ ওপৰত বহল ৰূপত ব্যাখ্যা আগবঢ়োবাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহৰ ওপৰত আলোকপাত কৰে|
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী পম্পী বৰাৰ উপৰি অনান্য বিষয়ৰ শিক্ষক-শিক্ষয়িত্রীসকল উপস্থিত থকা সভাখনিত পেনেল অধিবক্তা শ্বাহনাজ চুলতানাই বাল্য বিবাহৰ ওপৰত বহল ভাবে ব্যাখ্যা আগবঢ়াই। উল্লেখ্য যে এই আইনী স্বাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভাখনিৰ লগত সহযোগিতা কৰি নগাঁৱৰ অগ্ৰনী স্বেচ্ছাসেৱী মহিলা অনুষ্ঠান মহেশ্বৰী মহিলা সমিতিৰ একান্ত প্ৰচেষ্টাত নিজা উদ্যোগত তৈয়াৰ কৰি উলিওৱা একোটিকৈ বিনামূলীয়া চেনিটেৰী নেপকিন তৈয়াৰী মেচিন বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষয়িত্রীসকলৰ হাতত অৰ্পন কৰে মহশ্বৰী মহিলা সমিতি স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ বিষয়ববীয়া তথা নগাঁও শেনচোৱাস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় চন্দিপনি বিদ্যামন্দিৰৰ অধ্যক্ষা অনিতা চাবু আৰু কিৰণ মহেশ্বৰীয়ে।
স্মৰ্তব্য এই যে স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে বৰ্তমানলৈকে জিলাখনৰ উপৰি ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়সমূহত বিনামূলীয়াকৈ প্ৰায় ডেৰ শতাধিক চেনিটেৰী নেপকিন মেচিন বিতৰণ কৰিছে বুলি জানিব পৰা গৈছে। বিদ্যালয়-মহাবিদ্যালয়সমূহত যাতে এতিয়াৰে পৰা জৰুৰী সময়ত ছাত্রীসকলে কোনো সংকোচ নকৰাকৈ নিজে এই মেচিনৰ দ্বাৰা মাত্র ৫ টকাত চেনিটেৰী নেপকিন পাব পাৰে সেই উদ্যেশেই এই বিনামূলীয়া চেনিটেৰী নেপকিন মেচিন বিদ্যালয়সমূহত যোগান ধৰা হৈছে।
ইয়াৰ দ্বাৰা গাঁও অঞ্চলৰ ভিতৰুৱা বিদ্যালয়সমূহৰ বহু ছাত্রী উপকৃত হ’ব বুলি সভাত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে সভাত উল্লেখ কৰাৰ লগতে মহেশ্বৰী মহিলা সমিতিৰ বিষয়ববীয়াসকলক বিদ্যালয়ত অধ্যয়নৰত ছাত্রীসকলৰ বাবে এনে এক মহান কাম হাতত লোৱাৰ বাবে শলাগ লয়।