03/17/2022 - 14:57
in
আজিৰে পৰা আৰম্ভ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌলৎসৱ মহোৎসৱ আয়োজন
দৌল মহোৎসৱ মানেই যেন
বাসুদেৱ থান নাৰোৱা সত্ৰ।
দৌল উৎসৱক লৈ ৰাজ্যত উখল মাখল পৰিৱেশ।
আজিৰে পৰাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত আয়োজন কৰা হৈছে দৌল মহোৎসৱ।
পুৱাৰে পৰা ভক্ত দৰ্শনাথীয়ে বাসুদেৱৰ ওচৰত ধুপ দীপ নৈবদ্য লৈ সেৱা কৰা পৰিলক্ষিত হৈছে।
দৌল উৎসৱৰ উপলক্ষে সত্ৰখনত আজি প্ৰথম দিনা পুৱাৰে পৰা আগমন হৈছে দূৰ দূৰণিৰ বহু ভক্ত দৰ্শনাথী।