আমগুৰি: সদৌ অসম ছাত্র সন্থা (আছু)ৰ শিৱসাগৰ জিলাৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত শুকুৰবাৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণহৈ নামতি অঞ্চললৈ গৌৰৱ কঢ়িওৱা অর্ধশতাধিক ছাত্ৰ-ছাত্রীক বিশেষ অভিনন্দন জনোৱা হয়। নামতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটো আঁত ধৰে নামতি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কর্ন্দপ নেওগে।
উক্ত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি "নাক"ৰ অধ্যক্ষ, বিশিষ্ট বুদ্ধিজীৱী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ গোপাল হাজৰিকাই সদৌ অসম ছাত্র সন্থাই কৃর্তি ছাত্র ছাত্রীসকলৰ বাবে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানৰ প্রশংসা কৰাৰ লগতে কয় বর্তমান ছাত্র -ছাত্রীসকল যথেষ্ট মেধা সম্পন্ন।
তেওঁলোক দেশৰ ভৱিষ্যত, ধৈৰ্য আৰু একাগ্রতা থাকিলে সমাজত প্ৰকৃতাৰ্থত এজন মানুহ হিচাপে সন্মান লাভ কৰিব। আনহাতে শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্তই উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় ছাত্ৰ-ছাত্ৰীসকলে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে পঢ়িলেহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব।
তেওঁলোকে ম'বাইল বা ছ'চিয়েল মিডিয়াত অধিক সময় ব্যস্ত থকাৰ বাবে পঢ়া শুনাত ব্যাঘাত জন্মিছে। কিয়নো এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষত সুখ্যাতিৰে উত্তীর্ণ হোৱা তিনি লাখ ত্রিশ হাজাৰ ছাত্র-ছাত্রীৰ ভিতৰত শীর্ষ স্থান লাভ কৰা মেঘাশ্রী বৰাই ম'বাইল ব্যৱহাৰ কৰি সু-ফল পোৱা নাছিল। সেয়েহে ছাত্র-ছাত্রীৰ ম'বাইল ব্যৱহাৰ কেনেধৰণে অভিভাবকসকলে চকু দিয়াতো গুৰুত্বপূর্ণ বিষয়।
ইয়াৰ পাছতেই ছাত্র-ছাত্রীসকল দেশৰ ভৱিষ্যত, তেওঁলোকে এই সম্বৰ্ধনা পত্রখন গ্ৰহণ কৰিয়েই সকলো সামৰণি মাৰিলে নহ'ব। তেওঁলোকে ওপৰত থাকিব সমাজখনৰ দায়িত্ব বুলি মন্তব্য কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক উজ্জ্বল শইকীয়াই। তদুপৰি অনুষ্ঠানটোত নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, নামতি অঞ্চলৰ প্ৰায় ১০ খন শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে প্রায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে উপাস্থিত থাকে।
কৃর্তী ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা সভাতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামতি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা বিদিশা ৰাণী হাতীবৰুৱাক প্ৰয়াত মোহন প্ৰসাদ টুংখুঙীয়া সোঁৱৰণি বঁটা প্ৰদান কৰা হয়।