পাঁচ লাখ টকাৰ লোভত নিজকে নিজে অপহৰণ ব্যৱসায়ীৰ

 06/08/2019 - 11:51

মানকাচৰঃ মানকাচৰ থানা এলেকাৰ সোনাপুৰ গাঁৱৰ ছামিৰুল ইছলাম নামৰ ব্যৱসায়ীজন যোৱা ৩০ এপ্ৰিল তাৰিখে মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ডালুত অপহৰণ হোৱা বুলি খবৰ বিয়পিছিল। পৰিয়ালৰ লোকে দাবী কৰিছিল অপহৰণ হোৱাৰ কথা। কিন্তু সেয়া আছিল এক বৃহৎ নাটক। ব্যৱসায়ীজনে আন একাংশ সহযোগী ব্যৱসায়ীৰ পৰা মেঘালয়ত কাজু কিনিবলৈ যোৱাৰ কথা কৈ সংগ্ৰহ কৰিছিল প্ৰায় ৫ লাখ টকা। পাঁচ লাখ টকাৰ লোভত পৰি পৰিয়ালৰ সৈতে কৰিছিল এক বৃহৎ নাটক। পত্নীৰ হাতত ৪.৫ লাখ টকা দি ব্যৱসায়ীজন মেঘলায়লৈ গৈছিল।তাত নিজৰ মোবাইল অফ কৰি অপহৰণ হোৱা বুলি প্ৰচাৰ কৰিছিল।

ঘটনাক লৈ একাংশলোকে মেঘালয় থানাত এজাহাৰ দিছিল। উগ্ৰপন্থীয়ে অপহৰণ কৰা বুলি এজাহাৰ দিয়াৰ পাছত মেঘালয় আৰক্ষীৰ লগতে মানকাচৰ আৰক্ষী চিন্তাত পৰিছিল।পাঁচ লাখ টকা উগ্ৰপন্থীয়ে লুটি নিয়াৰ লগতে ব্যৱসায়ীজনক অপহৰণ কৰা বুলি দাবী কৰিছিল। কিন্তু অপহৰণ হোৱা বুলি নাটক কৰা এই কুখ্যাত ব্যৱসায়ী ছামিৰুলক মেঘালয়ৰ বাঘমাৰাৰ বজাৰত ঘূৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে।

তাৰ পাছতেই পোহৰলৈ আহে অপহৰণৰ প্ৰকৃত ৰহস্য। মেঘালয় আৰক্ষীৰ অভিযানৰ ফলত নাটকীয় অপহৰণ পোহৰলৈ অহাৰ পাছত টকাখিনি উদ্ধাৰ কৰিবলৈ নিশা প্ৰায় ১১ বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত ছামিৰুলৰ ঘৰত অভিযান চলায়। ঘৰত পত্নীৰ হাতত জমা থোৱা ধন বিচাৰি অভিযান চলায় আৰক্ষীয়ে। মহিলাগৰাকীয়ে নিজৰ মাতৃ গৃহত লুকুৱাই ৰাখিছিল টকাখিনি। সেই কথা জানিব পাৰি পেছাৰ কান্ধি গাঁৱত ছামিৰুলৰ শহুৰৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ লাখ ৪৮ হেজাৰ টকা। টকাখিনি আৰক্ষীয়ে জব্দ কৰাৰ পিছতে ছামিৰুলক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।