দক্ষিণ শালমাৰাৰ মনিৰচৰ এল পি স্কুলৰ প্ৰধান শিক্ষকৰ আজব কাণ্ড

 03/19/2022 - 13:57

দক্ষিণ শালমাৰাৰ মনিৰচৰ এল পি স্কুলৰ প্ৰধান শিক্ষকৰ আজব কাণ্ড

দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫৭৭ নং মনিৰচৰ ৰিজাৰ্ভ এলপি স্কুলৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড হতভম্ব স্থানীয় ৰাইজ ৷
 স্কুলখনৰ কণকন ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি ১৫ বেগ চাউল স্কুল খনৰ টয়লেটত জমা কৰি ৰখাত জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজ ৷
আনহাতে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু কেইবাটাও গুৰুতৰ অভিযোগ ৷ 
প্রধান শিক্ষকৰ এনে কর্ম কান্ডই ছাত্ৰ - ছাত্ৰীৰ অভিভাৱকৰ লগতে সর্ব-সাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে প্রধান শিক্ষক যাত্ৰা মহন্ত দাসে  । 
যাৰ বাবে বিদ্যালয় খনৰ ছাত্র-ছাত্রীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে শিক্ষক গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে
শিক্ষা বিভাগত পৰিবৰ্তন হৈছে কিন্তু পৰিবৰ্তন হোৱা নাই একাংশ প্রধান শিক্ষকৰ মন মানসিকতা । 
যাৰবাবে এতিয়াও একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বঞ্চিত হৈছে চৰকাৰে দিয়া বিভিন্ন সাসুবিধাৰ পৰা ৷ 
১৫৭৭ নং মনিৰচৰ ৰিজাৰ্ভ এলপি স্কুলৰ প্ৰধান শিক্ষক যাত্ৰা মহন্ত দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে চাউল , নগদ ধন আত্মসাত কৰাৰ অভিযোগ ।  
চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই চৰকাৰী নীতি নিয়ম বহিভুত কাম কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকলে । 
প্রধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাতমাতাৰ বাবে স্কুল পৰিচালনা কমিটিৰ সভাপতিৰ  অনাস্থা অনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ ৷  
প্ৰধান শিক্ষক গৰাকীয়ে পৰিচালনা কমিটিৰ সদস্যৰ চহী জালি কৰি পৰিচালনা কমিটিৰ সভাপতিৰ অনাস্থা আনাৰ অভিযোগ উত্থাপন কৰিছে  ৷   
প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৰান্ধনীৰ চাকৰি দিয়াৰ নামতো ধন0 লোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰান্ধনীয়ে ৷  
 শিক্ষক গৰাকীৰ বিৰুদ্ধে দক্ষিণ শালমাৰা বিজেপিৰ মণ্ডল যুৱ মৰ্চাৰ  সাধাৰণ সম্পাদক আশ্ৰাফুল আলমে তদন্তৰ দাবী জনাই এনেদৰে প্রতিক্রিয়া প্ৰকাশ কৰে 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।