06/08/2019 - 14:23
in
বকোঃ সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে ছয়গাঁৱত। উলংগ হৈ নৃত্য প্ৰদৰ্শন কৰিবলৈ শিল্পীৰ দলক হেঁচা একাংশ অভদ্ৰ দৰ্শকৰ। ঈদ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত সংঘটিত হয় এই নিৰ্লজ্জ ঘটনা। অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কেইবাটাও দলক।
অনুষ্ঠানটোত মহিলা শিল্পীৰ ওপৰত অত্যাচাৰ চলালে একাংশ লোকে। নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মহিলা শিল্পীক হত্যা কৰাৰ ভাবুকি দিয়ে শ শ উত্তেজিত দৰ্শকে। পিছত সৌভাগ্য ক্ৰমে অনুষ্ঠান আয়োজন কৰা ঠাইৰ পৰা শিল্পীৰ দলে পলায়ন কৰি পুৱতি নিশা বকো থানাত আশ্ৰয় লয়।
নিশাই ঘটনাস্থলীত উপস্থিত হয় জোৰশিমলু আৰক্ষী। উল্লেখযোগ্য যে কোঁচ বিহাৰৰ নৃত্য দল বুলি টিকট বিক্ৰী কৰিছিল আয়োজক সমিতিয়ে। সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।