নিউজ ডেস্কঃ গুৱাহাটী স্মাৰ্ট চিটীৰ পৰিচালন সঞ্চালকৰ দায়িত্ব পল্লৱ গোপাল ঝাক প্ৰদান কৰিছে। কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব। শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক বদলি কৰা হৈছে। বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ হ’ব শোণিতপুৰৰ উপায়ুক্ত ৰূপে বদলি কৰা হৈছে।