জি আই এম টি তেজপুৰৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা সম্পন্ন

 06/08/2019 - 16:28

তেজপুৰ: তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, চমুকৈ জি আই এম টি তেজপুৰৰ সামাজিক কল্যাণকামী ক্লাব 'সহযোগ'ৰ উদ্যোগত আজি ‘আচাম ভেলী একাডেমী’ত এখনি বিনামূলীয়া কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয়। দিনৰ ১২ বজাৰ পৰা আয়োজিত অনুষ্ঠানটোত কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়ায়।

লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে। ড° বুঢ়াগোহাঁয়ে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাত শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে যে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও তেওঁ বিষদ বাখ্যা আগবঢ়ায়।

কেৰিয়াৰ সজাগতা সভাখনত ‘আচাম ভেলী একাডেমী’ৰ কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাডেমীৰ ডাইৰেক্টৰ, অধ্যক্ষ তথা আন শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।