04/02/2022 - 15:25
in
নিউজ ডেস্কঃ শীঘ্ৰেই ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ’ব ৰে’ল সেৱা। ২ এপ্ৰিল শনিবাৰে দুয়ো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্বেৰ বাহাদুৰ দেউবাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই ৰে’ল সেৱা উদ্বোধন কৰিব। এই নতুন ৰে’ল সেৱাৰ জৰিয়তে জয়নগৰ-বিজালপুৰা-বৰদিদাসলৈকে দুয়োখন দেশৰ মাজত সংযোগ স্থাপন কৰিব।