সুখবৰ! গুৱাহাটীতে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হ’ব নীলমণি ফুকনক

 04/03/2022 - 13:53

 


নিউজ ডেস্কঃ গুৱাহাটীত এইবাৰ অনুষ্ঠিত হ’ব জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান। বিহুৰ দুদিন পূৰ্বে অৰ্থাৎ ১১ এপ্ৰিলত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হ’ব স্বনামধন্য কবি নীলমণি ফুকনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্য বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাটো অনুষ্ঠিত কৰিবলৈ উঠিপৰি লাগিছে ৰাজ্য চৰকাৰ। জ্ঞানপীঠ বঁটা প্ৰদানৰ এই অনুষ্ঠানতে কবি নীলমণি ফুকনৰ জীৱনভিত্তিক এখনি গ্ৰন্থ উন্মোচনৰো যো-জা চলাইছে ৰাজ্য চৰকাৰে। জানিব পৰা মতে, বঁটা প্ৰদান অনুষ্ঠানত কবি নীলমণি ফুকনৰ হৈ ১৫ মিনিটৰ ভাষণ প্ৰদান কৰিব তেওঁৰ সুযোগ্য পুত্ৰ অমিতাভ ফুকনে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ সম্ভাৱনা আছে। তদুপৰি ৰাজ্যৰ কেইবাগৰাকীও কবি-সাহিত্যিক, বুদ্ধিজীৱীৰ লগতে বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।