লংকাৰ কাকীত বনবিভাগৰ অভিযান

 06/08/2019 - 17:35

লংকাঃ লংকাৰ কাকী টিলাবজাৰত কাকী বনাঞ্চলিক বিষয়া আৰু হোজাইৰ সহকাৰী বন সংমণ্ডল বিষয়াৰ নেতৃত্বত যোৱা বনবিভাগৰ এটি দলে আজি পুৱা অভিযান চলাই কাকী টিলাবজাৰ অঞ্চলৰ পৰা এটা অবৈধ কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰসহ লক্ষাধিক টকাৰ চেগুন আৰু শাল কাঠৰ ২৮টা কুণ্ডা জব্দ কৰে।

ইপিনে কাকী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে হোজাই বন সংমণ্ডলৰ অধীনস্থ কাকী বনবিভাগৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইদৰে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ কাঠফলা মিলসমুহ স্থাপন কৰি চোৰাং বেহা অব্যাহত ৰাখিছে যদিও দীৰ্ঘদিনধৰি চকুমুদা কুলিৰ ভাও ধৰি আহিছিল কাকী বনবিভাগে।

তদুপৰি কাকী বনবিভাগৰ সন্মুখেৰে নিতৌ অবৈধ বালি-শিলৰ সৰবৰাহ হৈ আছে যদিও কাণসাৰ নাই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।