ৰঙিয়াঃ ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত ৱাৰ্ড প্ৰতিনিধিসকলক আজি আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱা হয়। ৰঙিয়া ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ৰাজহুৱাভাৱে শপতগ্ৰহণ কাৰ্য্যসূচী কৰা হয়।
দিনৰ ১১.৩০ বজাত ৰঙিয়া ৬ নং ৱাৰ্ডৰ নৱ নিৰ্বাচিত প্ৰতিনিধি উত্তম পালক প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিচতে শপত বাক্য পাঠ কৰোৱা হয়।
প্ৰটেম অধ্যক্ষ গৰাকীয়ে প্ৰথমে ৰঙিয়া পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলোকে শপত বাক্য পাঠ কৰোৱাই। ইয়াৰ পিচতে ৰঙিয়া পৌৰসভাৰ আন ৮ টা ৱাৰ্ডৰ প্ৰতিনিধি সকলক শপত বাক্য পাঠ কৰোৱা হয়।
শপতগ্ৰহণ অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, ৰঙিয়া চক্ৰ বিষয়া লিনা পাওৱেল আৰু কঞা ৰাজহ চক্ৰ বিষয়া ক্ষিৰোধ হাজৰিকা উপস্থিত থাকে।
উল্লেখযোগ্য যে ৰঙিয়া পৌৰসভাৰ দহ টা ৱাৰ্ডৰ ভিতৰত বিজেপি দলৰ ক্ৰমে ৰঙিয়া ১ নং ৱাৰ্ডৰ পৰা অমৰেন্দ্ৰ লহকৰ, ২ নং ৱাৰ্ডৰ পৰা বিউটি বেগম, ৩ নং ৱাৰ্ডৰ পৰা গুনু বড়ো ৪ নং ৱাৰ্ডৰ পৰা মিতালী ডেকা, ৫ নং ৱাৰ্ডৰ পৰা গুঞ্জন দাস, ৬ নং ওৱাৰ্ডৰ পৰা উত্তম পাল, ৭ নং ৱাৰ্ডৰ পৰ পুৰৱী দাস, ৮ নং ৱাৰ্ডৰ পৰা বিদ্যূত ডেকা। কংগ্ৰেছ দলৰ ৯ নং ৱাৰ্ডৰ পৰা চানোৱাৰা বেগম, ১০ নং ৱাৰ্ডৰ পৰা ৰেচমা আহমেদে জয় হৈছিল।