জামুগুৰিহাটত বিহুৰ কৰ্মশালাৰ সফল সামৰণি

 04/06/2022 - 20:20

 


জামুগুৰিহাটঃ মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটত ৰঙালীক আদৰাৰ বাবে এইদৰেই চলিছে ব্যাপক প্ৰস্তুতি৷ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ আজি সামৰণি পৰে৷

 

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি এই বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কন্যকা বহুমূখী কৃষি পামৰ তৰফৰ পৰা প্ৰশিক্ষক সকলক একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলকো একোখনকৈ মান পত্ৰ প্ৰদান কৰে৷

 

জামুগুৰি পৰিদৰ্শন ভৱনৰ খেল পথাৰত অনুষ্ঠিত দহদিনীয়া এই বিহু কৰ্মশালাত বৃহত্তৰ জামুগুৰিৰ প্ৰায় পাঁচ শতাধিক শিশু কিশোৰ-কিশোৰী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ঢোল বাদন আৰু বিহু নাচৰ এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ বৰ বিহুৱা নিৰঞ্জন গোস্বামী বিহু সমাগ্ৰী নিলাক্ষী বৰগোঢ়াই প্ৰমুক্ষে কৰি ৰাজ্যৰ কেইবাগৰাকী বছা বছা শিল্পীয়ে৷

 

বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত চতিয়া সমষ্টিৰ বাধায়ক পদ্ম হাজৰিকাই কয়-অসমীয়া বাপোটী সাহোন বিহুক এনে ধৰনৰ কৰ্মশালাই সজীৱ কৰি তুলিব৷ এই কৰ্মশালাৰ জৰিয়তে গঞাঁ কন কন শিশু সকলৰ লগতে কিশোৰ-কিশোৰী, যুবক-যুৱতীসকল উপকৃত হোবাই নহয়-অঞ্চলটোত এক সুষ্ঠ সাংস্কৃতিক পৰিৱেশ গঢ়লৈ উঠিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।