ধোঁৱাচাঙত এমজিএনৰেগা আঁচনিঃ ফেকামাৰীত ৰাস্তা নিৰ্মাণৰ কামত চলিছে বিয়াগোম দুৰ্নীতি

 06/08/2019 - 17:48

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ ৰাস্তা নিৰ্মাণৰ কামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি। উল্লেখ্য যে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ অধীনত মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ মিৰজুম আলীৰ ঘৰৰ পৰা শাহজাহান আলীৰ ঘৰলৈকে এগ্ৰিল বান্ধ তথা ৰাস্তা নিৰ্মাণৰ কামত দহ লাখ টকা আবণ্টন দিছে চৰকাৰে।

কিন্তু মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যই নিম্নমানৰ কাম কৰি মোটা অংকৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। আনহাতে নিম্নমানৰ কাম কৰি মোটা অংকৰ ধন আত্মসাৎ কৰাৰ পৰিপেক্ষিতত স্হানীয় সচেতন ৰাইজে ইয়াৰ তদন্তৰ বাবে জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়ে।

মন কৰিবলগীয়া যে নিম্নমানৰ কাম কৰি পুখুৰী সদৃশ অৱস্হা কৰি ৰখা ৰাস্তাৰ কামটোৰ শেহতীয়াকৈ চৰকাৰ তথা দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়তহে হ'ব লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।