06/08/2019 - 18:08
in
গুৱাহাটী: ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ অনুষ্ঠান 'বহুবাক'ৰ উদ্যোগত আজি দিনৰ তিনি বজাত গুৱাহাটী প্ৰেছ ক্লাৱত এখন বহুভাষিক কবি সমাৰোহৰ আয়োজন কৰা হয়। 'বহুবাক'ৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, উপ সভাপতিদ্বয় ড০ ষড়ানন দেউৰী, জিতেন পায়েং, প্ৰধান সম্পাদক দীপক শৰ্মা আৰু সহ সম্পাদক গোলাপ বড়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত ভিন ভিন ভাষাৰ কবিসকলে নিজস্ব ভাষাৰ লগতে অসমীয়া অনুবাদসহ কবিতা পাঠ কৰে। সন্মিলনত চুবুৰীয়া দেশ বাংলাদেশৰ দুগৰাকী কবিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ৰ একোজনকৈ কবি উপস্থিত থাকে।