06/08/2019 - 18:18
in
কৰিমগঞ্জঃ হাইলাকান্দিৰ লালাৰ কহিনুৰ আদৰ্শ বিদ্যালয়ৰ অপহৃত নাবালিকা ছাত্রী মাৰুফা বেগমক অক্ষত অৱস্থাত উদ্ধাৰৰ দাবীত আজি প্ৰতিবাদেৰে ৰাজপথ কঁপাই তোলে একাধিক দল-সংগঠনে। উল্লেখ্য, যোৱা ঈদ উল ফিতৰৰ দিনা অপহৃত হৈছিল নাবালিকা মাৰুফা বেগম।
অভিযোগ অনুযায়ী, কহিনুৰ আদৰ্শ বিদ্যালয়ৰ নাথ উপাধিৰ এগৰাকী শিক্ষকে ফুচুলাই প্রেমৰ জালত পেলাই ছাত্ৰীগৰাকীক অপহৰণ কৰি লৈ গৈছিল।
কিন্তু, এতিয়াও লালা আৰক্ষীয়ে মাৰুফাৰ একো ক্লু উলিয়াৱ পৰা নাই বুলি জানিব পৰা গৈছে। ঘটনাটোক লৈ সৰৱ হৈ পৰিছে দল-সংগঠন।
অতি সোনকালে মাৰুফাক উদ্ধাৰ কৰাৰ দাবীত লালা থানাৰ আৰক্ষী বিষয়াক স্মাৰকপত্র প্রেৰণ কৰা হৈছে। স্মাৰক পত্রত স্বাক্ষৰ কৰিছে,ছাত্র নেতা জাবেদ আহমদ বৰভুইয়া, মজমুল হোছেইন, আবদুল আহাদে।