মৃত্যুঞ্জয় ন্যাস উদ্বোধনী অনুষ্ঠানৰ লাইখুঁটা স্থাপন

 04/10/2022 - 15:52

 

নিউজ ডেস্কঃ দেওবাৰে দৰং জিলাৰ দেওমৰনৈ মিনি ষ্টেডিয়ামত প্ৰায় ২০ হাজাৰ মানুহৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ'ব অসহায় ৰোগীৰ বিপদৰ বন্ধু মৃত্যুঞ্জয় ন্যাস। সেই উদ্দেশ্য আজি অনুষ্ঠানস্থলীত দেওমৰনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সন্মানীয় শ্ৰী মতিৰাম শইকীয়া ছাৰৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়।

 

অসমৰ ৩৫ জিলাকে সামৰি লৈ গঠন হোৱা বৃহৎ চিকিৎসা ন্যাস উদ্বোধন কৰিৱ অসমীয়া বোলছবিৰ প্ৰযোজিকা শ্ৰী গৰিমা গাৰ্গ বাইদেউৱে। উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীবিজন মহাজন ডাঙৰীয়া, GMCH অধীক্ষক ডা: অভিজিৎ শৰ্মা ডাঙৰীয়া, কেইবাগৰাকীও সন্মানীয় বিধায়ক, সাংসদ, জ্যেষ্ঠ সাংবাদিক সহিতে অসমৰ প্ৰায় ৭০ গৰাকীকৈ বিশিষ্ট ব্যক্তি।

 

অসমৰ প্ৰতিখন জিলাৰ পৰা ৫/১০ জনকৈ প্ৰতিনিধি উপস্থিত থাকিব। মৃত্যুঞ্জয় ন্যাস উদ্বোধনী বিশেষ-দিনৰ ১০ বজাত ৫০০১ গৰাকী বিহু নাচনীয়ে একেলগে বিহু প্ৰদৰ্শন কৰিব। সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ আপুনিও সহযোগ কৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।