বিভিন্ন ভাষালৈ অনুবাদ কৰা হ’ব কাব্যঋষি নীলমণি ফুকনৰ কবিতা

 04/12/2022 - 12:58

 

নিউজ ডেস্কঃ ৰবীন্দ্ৰ ভৱনত সোমবাৰ অনুষ্ঠিত হ’ল ৫৬সংখ্যক ভাৰতীয় জ্ঞানপীঠ বঁটা অনুষ্ঠান৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবি নীলমণি ফুকনক প্ৰদান কৰিলে জ্ঞানপীঠ বঁটা। শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীত এই সন্মান গ্ৰহণ কৰিব নোৱাৰা কবি গৰাকীৰ বাবে ভাৰতীয় জ্ঞানপীঠে অসমতে এই বঁটা প্ৰদানৰ মনস্থ কৰে।ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰে দায়িত্ব লৈ গুৱাহাটীত আয়োজন কৰে বঁটা প্ৰদান অনুষ্ঠানৰ।অনুষ্ঠানত নীলমণি ফুকনৰ কবিতা সম্পৰ্কে এক দীঘলীয়া ভাষণ ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে যে কাব্যঋষিগৰাকীক নিজ হাতেৰে এই সন্মান যাঁচিবলৈ পোৱাতো তেওঁৰ বাবে চৰম সৌভাগ্য৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰিলে নীলমণি ফুকনদেৱৰ পৰিয়ালৰ অনুমতি পালে কবিগৰাকীৰ সৃষ্টিৰাজীক বিভিন্ন ভাষালৈ অনুবাদ কৰি অসম প্ৰকাশন পৰিষদে বিশ্বৰ বিভিন্ন পাঠকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।