ধনশিৰি মহকুমাৰ বৰপথাৰৰ গেলাবিল বৰডুবি গাঁৱতো গৰু বিহু উদযাপন

 04/14/2022 - 13:48

 

সৰুপথাৰঃ আজি গৰু বিহু। অসমীয়াৰ হেঁপাহৰ ৰঙালীৰ সাত বিহুৰ আজি প্ৰথমটো বিহু গৰু বিহু। ৰাজ্যত ৰঙালীক লৈ উজনিৰ পৰা নামনি লৈ পাৰ ভঙা উৎসাহ। সমান্তৰালকৈ ধনশিৰি মহকুমাৰ বৰপথাৰৰ গেলাবিল বৰডুবি গাঁৱৰ ৰাইজৰ মাজতো ৰঙালীকলৈ পাৰভঙা উৎসাহ। দৈয়াং নৈৰ পাৰত গৃহস্থই নিজ পশুধনক পৰম্পৰা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে কৰিছে গৰু বিহুৰ উদযাপন। অসমীয়া চহা গ্ৰাম্য সমাজ জীৱনৰলোকসকলে এনেকৈ বিহু গীতে মুখৰিত কৰি অতীতৰ পৰম্পৰা অষুণ্ণ ৰাখি উদযাপন কৰিছে আৰু বিহু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।