04/15/2022 - 15:58
in
কামপুৰঃ আজি বাপতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিন। দুটা বছৰৰ দুখ বেদনাক পাহৰি এতিয়া ৰঙালী বিহুক লৈ অসমৰ গাঁৱে-ভূঞে ব্যাপক উচ্চাহ-উদ্দীপনা। পিছপৰা নাই কামপুৰ অঞ্চলো। কামপুৰৰ ঘিলানীগাঁৱত শ্ৰী শ্ৰী অনুৰুদ্ধদেৱ পুথিভঁৰালৰ সৌজণ্যত ৰঙালী বিহুৰ উদযাপনৰ বাবে আজি পুৱাৰ পৰা উখল-মাখল পৰিৱেশ অঞ্চলজুৰি। ডেকা-গাভৰু; বয়ো-বৃদ্ধ কিশোৰ-কিশোৰীয়ে মিলি পুৱাৰ পৰা মাংগলিক কাৰ্যসূচীৰ লগতে বিহুনৃত্য গীতৰ মাজৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।