04/16/2022 - 14:54
in
জামুগুৰিহাটঃ আজি গোসাঁই বিহু৷ অসমৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে গোসাঁই বিহু৷ সমান্তৰালভাৱে জামুগুৰিহাটৰ সমিপৰ ঐতিহাসিক শৈৱ্যপীঠ নাগশংকৰ দেৱালয়ত পুৱাৰেপৰা ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ সকলোৰে নতুন বৰ্ষৰ আগন্তুক দিনসমূহ যাতে কুশলে মংগলে পাৰ হয় তাৰেই আশিস ল’বলৈ আহিল ভক্তগণ৷ নাগশংকৰ দেৱালয়ত ভক্তগণে বছৰটো কুশলে পাৰ হোৱাৰ কামনাৰে চাকি বন্তি প্ৰজ্বলন কৰিছে৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও পুৱাই সকলোৰে মংগল হোৱাৰ কামনাৰে আশীষ ললে বুলি জানিব দিয়ে উদ্যোক্তাসকলে। বিগত দুটা বছৰ কভিডসৃষ্ট পৰিৱেশৰ বাবেই বিৰতিৰ মুৰত এই বৰ্ষত পুনৰ নাগশংকৰ দেৱালয়ত এক ভিন্ন দোকানে পৰিপূৰ্ণ মেলা অনুষ্ঠিত হৈছে৷ যথেষ্ট সংখ্যক ভক্তৰ আগমন ঘটিছে অঞ্চলৰটো ভিন্নপ্ৰান্তৰ পৰা৷