04/16/2022 - 20:08
in
ঢকুৱাখনাঃ গায়ন-বায়ন, আয়তীসকলৰ উৰুলি মঙ্গলধ্বনিৰে উলহ-মালহ পৰিৱেশৰ মাজতে শনিবাৰে স্থানীয় ধেনুখনা কলিতা গাঁও বৰ নামঘৰৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বাসুদেৱ থান নৰুৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুৱে। গাঁওখনৰ মুঠ ৩৪ ঘৰ মানুহ একত্ৰিত হৈ সম্পূৰ্ণ কায়ীক তথা আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰি উলিওৱা নামঘৰটোৰ গুৰু আসন প্ৰতিষ্ঠা কৰে ডেকা সত্ৰাধিকাৰ গৰাকীয়ে। অনুষ্ঠানত নামঘৰৰ মূল তোৰণ, মনিকুটৰ লগতে জিৰণি চ'ৰা উদ্বোধন কৰা হয়। নামঘৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে ধেনুখনা কলিতা গাঁৱৰ ইতিবৃত্ত সামৰি "শিপাৰ সন্ধানত" নামৰ এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হয়। গ্ৰন্থখন সম্পাদনা কৰিছে প্ৰণৱ দত্তই।