04/17/2022 - 14:33
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নবিল বড়ো গাঁৱত ৰঙালী বিহু উপলক্ষে গোঁসাই বিহুৰ দিনা সন্ধ্যা বড়ো সম্প্ৰদায়ৰ লোকসকলে অসমীয়া ৰাইজৰ চোতালে চোতালে গৈ হুঁচৰি মৰা দেখা গ’ল। নবিলত অসমীয়া আৰু বড়ো সম্প্ৰদায়ৰ মাজত এক ভাতৃত্ববোধৰ যি সম্পৰ্ক সেয়া সচাকৈ প্ৰমাণিত হোৱা দেখা গ’ল। ৰঙালী বিহুত এইবাৰ বাঁহি আৰু মাদলৰ ধ্বনিৰে মুখৰিত কৰিলে নবিলৰ অসমীয়া ৰাইজৰ চোতাল।