04/17/2022 - 15:03
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচকুৱা অঞ্চলৰ বহাগী মেলাখনে এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। সেই উদ্দেশ্যে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ থকাৰ সমান্তৰালভাৱে আজিৰে পৰা ক্ৰিয়া প্ৰতিযোগিতাসমূহ আৰম্ভ হয়। পুৱা ৪ বাজি ২৪ মিনিটৰ পৰা ক্ৰিয়া প্ৰতিযোগিতাৰ বিশেষ আকৰ্ষণ মাৰাথান দৌৰ প্ৰতিযোগিতাখনি এক ঘণ্টা ২৭ মিনিটৰ ব্যৱধানত সম্পন্ন কৰে। সৰ্বমুঠ ৬০ জনকৈ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা মাৰাথান দৌৰ প্ৰতিযোগিতাখনিয়ে ৰাইজৰ বিপুল সহাঁৰি লাভ কৰা দেখা গ'ল। ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ পৰা ধোবিখোলা দলঙৰ লৈকে ১৪ কিলোমিটাৰ ব্যৱধানত মাৰাথান দৌৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাখনত প্ৰথম স্থান অভিনাচ থাপা, দ্বিতীয় স্থান ললিত চৌহান আৰু তৃতীয় স্থান তিকাৰাম ভূজেলে দখল কৰিবলৈ সক্ষম হয়।