ঘিলামৰাত ৬৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি অন্তিম দিন

 04/21/2022 - 16:29
 
 
ঢকুৱাখনাঃ ঢকুৱাখনা ঘিলামৰা ৬৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ১৯, ২০ আৰু ২১ এপ্ৰিল তিনিদিনীয়াকৈ বৰ্ণাঢ্য অনুষ্ঠানেৰে অনুষ্ঠিত হৈছে। আজি অন্তিম দিন। অন্তিম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি প্ৰদৰ্শন দেখা গ’ল। শোভাযাত্ৰাত প্ৰায় ৫০ টাকৈ দলে যোগদান কৰে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ বাহিৰ কৰা পিছতে বছেৰেকীয়া আলোচনী "গহনা" চৰকাৰী পুঁজিৰে ISBN ৰ তত্বাৱধানত উন্মোচিত কৰিব বহনা। আৰু সন্ধিয়ালৈ অসমৰ জনপ্রিয় বিহুৱা ৰঞ্জিত গগৈৰ বিহুৱা দলে বিহু প্ৰদৰ্শন কৰিব। লগতে ৰাতিলৈ অসমৰ জনপ্রিয় কণ্ঠ শিল্পী আকাশ প্ৰীতম গীতৰ শৰাইয়ে সামৰণি পৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।