04/22/2022 - 16:39
in
নগাঁওঃ গুজৰাটত কংগ্ৰেছ দলৰ নেতাক অসমৰ পুলিচে আটক কৰি কোকৰাঝাৰলৈ লৈ যোৱাৰ তীব্ৰ প্ৰতিবাদ হুছেইনৰ৷ শাসনাধিষ্ঠি চৰকাৰখনৰ এনে কৰ্মকাণ্ডক নিন্দা কৰে হুছেইনে৷ চৰকাৰৰ এনে কাণ্ডই কংগ্ৰেছক কেতিয়াও ভীতিগ্ৰস্ত কৰিব নোৱাৰে৷ নৰেন্দ্ৰ মোডীক তোষামোদ কৰিবৰ বাবেই এনে কাৰ্য বিজেপিয়ে কৰিছে৷ শনিবাৰে কংগ্ৰেছৰ এটি সজাতি দলে আটকাধিন নেতাগৰাকীক দেখা কৰিবলৈ যোৱাৰ কথা প্ৰকাশ কৰে হুছেইনে৷ বিনাচৰ্তে কংগ্ৰেছ নেতা গৰাকীকক মুক্তি দিবলৈ হুছেইনে দাবী জনাইছে অন্যথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সংবাদমেলতেই হুংকাৰ প্ৰদান কৰে৷