06/09/2019 - 14:00
in
মৰিগাঁও: ১৯৭৪ চনৰ খাদ্য আন্দোলনত আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল গজেন ইংতি৷ এই শ্বহীদগৰাকীৰ পৰিয়ালে আজি এটা জুপুৰিত বাস কৰি মদ বিক্ৰী কৰি জীৱন যাপন কৰিব লগা হৈছে৷ অসম চৰকাৰ তৰফৰ পৰা আজিলৈকে একো সাহায্য লাভ নকৰাত ক্ষোভিত হৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ জুন তাৰিখে শ্বহীদ গৰাকীৰ স্মৃতি দিৱসটিত উদযাপন কৰি অহা 'সংহতি দিৱস'টি পৰিয়ালৰ তৰফৰ পৰা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
পৰিয়ালে অভিযোগ কৰা মতে শ্বহীদৰ নামত কেৱল প্ৰহসন সংঘটিত কৰি আহিছে ৰাজ্য চৰকাৰে। খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ সেয়ে শ্বহীদগৰাকীৰ নামত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে 'সংহতি দিৱস' উদযাপন কৰিয়ে দায়িত্বৰ সামৰণি মাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে পৰিয়ালে৷