06/09/2019 - 14:42
in
ডিজিটেল ডেস্ক: গুজৰাটস্থিত মেঘানীনগৰ এলেকাত এটা পৰিয়ালৰ ওপৰত আক্ৰমণ চলাইছিল দুৰ্বৃত্তৰ দলে।মহিলাসহ এটি ২০ দিনীয়া কণমানিৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে৷যাৰ ফলত এটি নৱজাতকৰ মৃত্যু হয়৷
বৃহস্পতিবাৰে নিশা ৫টা দুৰ্বৃত্তই লাঠী লৈ লক্ষ্মী পাটনীৰ ঘৰত প্ৰৱেশ কৰিছিল।আৰক্ষী বিষয়া পি জি ছৰভেয়াই জনোৱা মতে পূৰ্বৰ আক্ৰোশৰ বাবে নৃশংসভাৱে লাঠীৰে মাৰধৰ কৰিছিল পৰিয়ালটোৰ সদস্যসকলৰ ওপৰত৷ আক্ৰমণৰ ফলত লক্ষ্মী পাটনীসহ ভগ্নী গুৰুতৰভাৱে আহত হয় আৰু এটি ২০ দিনীয়া নৱজাতক খুছবুক মূৰত লাঠীৰে আক্ৰমণ কৰাত থিতাতে নিহত হৈছিল শিশুটো।
হত্যা আৰু আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে ২ অভিযুক্ত সতীশ পাটনী আৰু হিতেশ মাৰবাড়ীক গ্ৰেপ্তাৰ কৰে৷