১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

 04/29/2022 - 14:59
 
 
নিউজ ডেস্কঃ ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বৃহস্পতিবাৰে এক বিবৃতি যোগে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী প্ৰদিপ্ত বৰুৱাই এই কথা সদৰি কৰিছে। আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই। তেওঁ কয়- এইবেলি বাৰিষা আগতীয়াকৈ অহা বাবে উদ্যানখনৰ ভিতৰৰ পথ সমূহ বেয়া হৈ পৰিছে তাৰোপৰি এই সময়ছোৱা বনৰীয়া জীৱ-জন্তু সমূহৰ বাবে অতি সংবেদনশীল সময়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটক সকলৰ বাবে হাতী চাফাৰী বন্ধ কৰা হ’ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।