ধুবুৰীৰ ঐতিহাসিক ৰঙামাটি পাহাৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত সমবেত হয় প্ৰায় ছয় সহস্ৰাধিক লোক

 05/03/2022 - 14:49

 

গৌৰীপুৰঃ আজি দিনটো হৈছে পবিত্ৰ ঈদ-উল ফিতৰ। সম্পূৰ্ণ এটা মাহ ৰোজা পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকে আজিৰ দিনটোত ঈদগাহ ময়দানত সমবেত হৈ ঈদ-উল-ফিতৰৰ নামাজ সম্পন্ন কৰে। আজি এই দিনটোত ভেদাভেদ পাহৰি সকলোৱে উপভোগ কৰে অনাবিল আনন্দ। উল্লেখ্য যে, মহামাৰী ক’ভিডৰ বাবে দুটা বছৰে ইছলাম ধৰ্মাৱলম্বী লোকে উপভোগ কৰিব পৰা নাছিল ঈদৰ আনন্দ উল্লাস।

 

কিন্তু, এইবেলি নাই ক’ভিডৰ প্ৰটকল। গৌৰীপুৰৰ ঐতিহাসিক ৰঙামাটি পাহাৰ ঈদগাহ ময়দানখন লোকে লোকাৰণ্য হৈ পৰে। সকলোৰে মনত দেখিবলৈ পোৱা গল ঈদৰ ব্যাপক উছাহ। ১৪৯৮ খ্ৰীষ্টাব্দত বংগৰ গৌৰৰ নবাৱ আলাউদ্দিন হছেন শ্বাহে নিৰ্মাণ কৰা ঈদগাহ ময়দানখন। এতিয়া চৰকাৰ পৰাতাত্ত্বিক বিভাগৰ অধীনত আছে ঈদগাহখন।

 


নামনি অসমৰ সৰ্ববৃহৎ ঈদগাহ ময়দানত আজি প্ৰায় ছয় হেজাৰৰ অধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়া নামাজ সম্পন্ন কৰে। আজি পুৱা ১০বজাত অনুষ্ঠিত হয় সমূহীয়া নামাজ। সমূহীয়া নামাজত ইমামতি কৰে মুফতি আমিনুল ইছলামে। আৰু সমূহীয়া মোনাজাতত বিশ্ব শান্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।