কঠিয়াতলীত সমূহীয়া নামাজত হিন্দুলোকৰ অংশগ্ৰহণ

 05/03/2022 - 15:25

 

 

কামপুৰঃ শংকৰ-আজানৰ দেশত সম্প্ৰীতিৰ এনাজৰী ডাল যেন আজিও যেন ঘুনে ধৰা নাই তাকে প্ৰমাণ কৰিলে নগাঁও জিলাৰ নিজ কঠিয়াতলীত। পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মীয় লোকসকলে পালন কৰে পবিত্ৰ ঈদ-উল-ফিটৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কচুৱা; কামপুৰ; কঠিয়াতলীত সমূহীয়াভাৱে ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন হয়।

 

উল্লেখ্য যে নিজ কঠিয়াতলী আঞ্চলিক কমিটিয়ে আয়োজন কৰা সমূহীয়া নামাজত হিন্দুলোকেও অংশ লৈ সম্প্ৰীতিৰ এনাজৰী ডাল কটকটিয়া কৰি তুলে। ইফালে কচুৱা, তিনিআলি, শিঙিমাৰি, ৰজাআলী, জুৰিৰপাৰ, খেৰনীৰ লগতে বিভিন্ন ঠাইত পালন কৰা হয় পবিত্র ঈদ-উল-ফিটৰ। ঈদ উপলক্ষে ঈদগাহ আৰু মছজিদ সমূহত বহু মানুহৰ সমাগত হয়। ইয়াৰ পিছতে সমূহীয়া বাবে সকলো সম্প্ৰদায় লোকৰ মাজত ঐক্য শান্তি সম্প্ৰীতি আৰু বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে।

 

ইপিনে লটুমাৰি খেৰনীত চাৰিখন মহলা এক লগ হৈ লুটুমাৰি আঞ্চলিক ঈদগাহ কমিটি গঠন কৰি সমূহীয়াভাৱে পবিত্র ঈদ-উল-ফিটৰ নামাজ সম্পন্ন কৰে। পূৰ্বতে লুটুমাৰি খেৰনিৰ এই লোকসকলে অন্য ঈদগাহত নামাজ সম্পন্ন কৰিছিল যদিও আজি বহু দিনৰ প্ৰচেষ্টাৰ অন্তত আজি লুটুমাৰি আঞ্চলিক ঈদগাহত প্ৰায় এক হাজাৰ লোকৰ উপস্থিতিত সমূহীয়া বাবে ঈদৰ নামাজ সম্পন্ন হয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।