06/09/2019 - 15:43
in
জুৰীয়া: জুৰীয়াৰ চতিয়ান আইডিএফচি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত ডকাইতি সংঘটিত হৈছে। ডকাইতে লুটি নিলে নগদ ডেৰ লাখ টকা। গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্তাধিকাৰী ইক্ৰামুল হুছেইনক আক্ৰমণ কৰি লুটিলে নগদ ধন। ৫-৬ জনীয়া ডকাইতৰ দলে চোকা অস্ত্র লগত লৈ পূৱা ১০ বজাত সোমাই গ্ৰাহক সেৱা কেন্দ্ৰটোত।
জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বত্তাধিকাৰী ইক্ৰামুল হুছেইনে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।