05/14/2022 - 13:23
in
বদৰপুৰঃ কুশিয়াৰা নৈৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে বদৰপুৰৰ ভাঙ্গা এলাকাবাসীৰ। খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগৰ নাই কোনো তৎপৰতা। নিশাৰ ভিতৰত নৈৰ বুকুত জাহ যাব ভাৰত বাংলা সীমান্তৰ এই অতিকৈ গুৰুত্বপূৰ্ণ মথাউৰি। বাৰিষা আগমনৰ লগে লগে চিন্তা বাঢ়ি যায় বদৰপুৰৰ ভাঙ্গা কৃষ্ণপুৰ গাঁৱৰ সীমামূৰীয়া লোকসকলৰ। বছৰ বছৰ ধৰি গাঁওখনত অব্যাহত আছে কুশিয়াৰা নৈৰ গৰাখহনীয়াৰ তাণ্ডব। নৈৰ খহনীয়াৰ কৱলত পৰি ইতিমধ্যে গাঁওখনৰ প্ৰায় কুড়িটা পৰিয়ালে ভেটি হেৰুৱাই অন্যত্ৰ যাবলৈ বাধ্য হৈছে। এবছৰ পূৰ্বে মথাউৰিৰ প্ৰায় ৫০০ মিটাৰ এলেকা পুনৰ নিৰ্মাণ কৰি ১.৭২ কোটি টকা লাভ কৰিছিল বিভাগীয় ঠিকাদাৰে। এটা সময়ত বাসত বাড়ি আৰু খেলপথাৰ থকা মাটি বৰ্তমানে নৈৰ বুকুত জাহ গৈছে।