05/17/2022 - 18:13
in
বৰপেটাঃ আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩৩ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে নাম প্ৰসংগ, হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে ভৰি পৰিছে সত্ৰ চৌহদ৷ তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক গুৰুজনাৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ তিনিদিনিয়া কাৰ্যসূচীৰে পালন কৰা হৈছে বৰপেটা সত্ৰত৷ বৰপেটা সত্ৰত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱ পালন কৰা হৈছে৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰত আজি ভকতে পুৱাৰ নিত্য প্ৰসংগৰ সগতে নৈমিত্তিক প্ৰসংগত ভাগ লয়৷ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ লগতে ভকতৰ অংশগ্ৰহণেৰে হৰিনাম গাই বৰপেটা চহৰৰ মাজেৰে ভাগৱত ভ্ৰমণ কৰিব৷
বৰপেটা সত্ৰৰ প্রতিষ্ঠাতা শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ ৫৩৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি বৰপেটা সত্ৰত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত ধর্মালোচনা সভাখন উদ্বোধন কৰে বৰপেটা সত্ৰৰ ঘাই ভঁৰালী নাৰায়ণ আতৈ বুঢ়াভকতে। বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত ধর্মালোচনা সভাত ভালে সংখ্যক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰে৷