06/09/2019 - 17:07
in
শিৱসাগৰঃ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতি। তাহানি এই ভাওনা আছিল পুৰুষৰ একচেটিয়া সম্পত্তি। ভাওনাৰ নাৰী চৰিত্ৰসমূহো ৰূপায়ণ কৰিছিল পুৰুষে। কিন্তু এতিয়া সময় সলনি হৈছে।
পুৰুষৰ সমানে সমানে ফেৰ মাৰি মহিলাসকলেও ভাওনা প্ৰদৰ্শনত আগভাগ লৈছে। শনিবাৰে শিৱসাগৰ নাট্য মন্দিৰত প্ৰদৰ্শন কৰা হয় মহিলাৰ দ্বাৰা অভিনীত এখন ভাওনা। গৌৰৱ নগৰৰ মহিলাসকলে প্ৰদৰ্শন কৰা 'দক্ষ যজ্ঞ, সতীৰ দেহত্যাগ' ভাওনাখনিত মহিলাসকলে মনপৰশা অভিনয় কৰে। মহিলাসকলৰ অভিনয়ে মুগ্ধ কৰে উপস্থিত অজস্ৰ দৰ্শকক।