শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী অনুষ্ঠান শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে অতিক্ৰম কৰিব স্বৰ্ণ জয়ন্তী বৰ্ষ। ২০১৮ বৰ্ষৰ ৩০ জুনত আৰম্ভ হোৱা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বৰ্ষজোৰা স্বৰ্ণ জয়ন্তী অনুষ্ঠানৰ অহা ১ জুলাইত সামৰণি পৰিব।
৩০ জুন আৰু ১ জুলাইত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হোৱা বৰ্ষজোৰা সোণালী জয়ন্তী অনুষ্ঠানত বিভিন্ন ধৰণৰ সামাজিক, সাংস্কৃতিক তথা শিক্ষা সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে মহাবিদ্যালয়ৰ সভাকক্ষত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সভা অনুষ্ঠিত হয়।
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি অনুৰাগ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কত বিশদ আলোচনা কৰা হয়। উক্ত সভাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানটোলৈ বহুকেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সাহায্য আগবঢ়ায়।
অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুযায়ী সাহায্য আগবঢ়াব বিচাৰে তেন্তে এলুমিনিৰ INDIAN BANK ৰ শিৱসাগৰ শাখাৰ একাউণ্ট নম্বৰ 450009204 (IFSC IDIB000S048) ত জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি অনুৰাগ শৰ্মা আৰু সাধাৰণ সম্পাদক মানসপ্ৰতিম গগৈয়ে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধিৰ কৰাৰ আহ্বান জনায়৷