জামুগুৰিহাটৰ সমীপৰ চাৰিদুৱাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

 05/21/2022 - 16:18

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৰ চাৰিদুৱাৰৰ ধাৰিকাটিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত ওলাই অহা জাক জাক বন্যহস্তীয়ে কালি নিশা ধাৰিকাটিত প্ৰবেশ কৰি ধাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিদ্যালয়ৰ ভিতৰত মজুত থকা চাউল খাই শেষ কৰে। যোৱা কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত নামেৰী ৰাষ্ট্ৰীয় উদ্যানতো পানী জমা হোৱাৰ বাবে খাদ্য সংকটত পৰা বনৰীয়া হাতী এইদৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বুলি স্থানীয় ৰাইজে অৱগত কৰে। নিশা হ’লে বিদ্যুতৰ পোহৰ নথকাৰ বাবে বন্যহস্তীৰ দলে অঞ্চলটোত বিস্তৰ ক্ষয়-ক্ষতি কৰাৰ অভিযোগ উৎথাপন কৰিছে ৰাইজে। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।