ৰঙিয়াত এবিএমছুৰ সংবাদ মেল

 05/22/2022 - 16:05
 
 
 
ৰঙিয়াঃ নগাঁও জিলাৰ বটদ্ৰবা থানত যোৱাকালি একাংশ ব্যক্তিয়ে কৰা অগ্নি সংযোগৰ ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমছুয়ে। দুষি ব্যক্তিক উচিতৰ পৰা উচিত শাস্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ লগতে পুলিচ প্ৰশাসনক আহ্বান জাইজে ছাত্ৰ সংগঠনটোৱে। কিন্তু আৰক্ষীয়ে আজি পুৱাৰ ভাগত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে যি উচ্ছেদ অভিযান চলালে এই ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি এবিএমছুৰ সাম্পাদক টাইচন আহমেদ উল্লেখ কৰে।
 
 
সম্পাদক গৰাকীয়ে আৰু কয় যে চৰকাৰে বুলড্ৰে'জাৰৰে চালনা বড়িৰ সেইসকল পৰিয়ালৰ গৃহত চলোৱা নাই,বুলড্ৰে'জাৰ চলাইছে ভাৰতৰ ন্যয়িক ব্যৱস্থাৰ ওপৰত। চৰকাৰে ভাৰতীয় সংবিধানৰ কোনটো ধাৰাৰ অধিনত এনেদৰে ব'লড্ৰেজাৰ চলাই ঘৰ ভাঙিলে সেয়া সকলোৰে বাবে প্ৰশ্নৰ বিষয় হৈ পৰিছে বুলি ছত্ৰ নেত গৰাকীয়ে উল্লেখ কৰে। এনে কাৰ্য্যকৰি চৰকাৰখনে অসম খনক পুলিচ ৰাজ্য কৰিব বিচৰাটো কোনো কাৰণতে অসমৰ জনসাধৰণৰ বাবে গ্ৰহণযোগ্য নহয় বুলি কয়।
 
  ইফালে আৰক্ষীৰ জিম্মাৎ মৃত্যুক সাৱটি লোৱা চফিকুল নামৰ যুৱক জন মৃত্যুৰ পিচত প্ৰতিবাদকাৰী জনতাই গণতান্ত্ৰিক ব্যৱস্থাৰে প্ৰতিবাদ কৰিব পাৰিলে হেতেন। কিন্তু তেনে নকৰি এনেদৰে থানাত আৰক্ষীক আক্ৰমণ কৰি থানাত অগ্নি সংযোগ কৰা ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে ছাত্ৰ সংগঠনটোৱে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।