05/23/2022 - 14:26
in
বিজনীঃ বিজনীত বিজেপিৰ কাৰ্যকৰ্তাৰ সংবাদমেল। বিজনী মহকুমাৰ বিষপানী নিবাসী জগদীশ ৰাজবংশী নামৰ এজন লোকৰ প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ গৃহ লাভৰ পৰা বঞ্চিত সন্দৰ্ভত অসমৰ এটা বৈদ্যুতিন সংবাদ মাধ্যমত বিজনীৰ নৱ নিৰ্বাচিত বিধায়ক অজয় কুমাৰ ৰায়ক দোষাৰোপ কৰি বাতৰি পৰিৱেশন হৈছে।
এইক্ষেত্ৰত আজি বিজনীৰ বিজেপি কাৰ্যকৰ্তাই বিজনী চহৰস্থিত সমন্বয় হোটেলত আয়োজন কৰা সংবাদমেলত এই বাতৰি অসত্য, ভিত্তিহীন, মনেসজা আৰু উদ্দেশ্য প্ৰণোদিত বুলি প্ৰতিভিযোগ উত্থাপন কৰে।
এইক্ষেত্ৰত ৰাইজৰ মাজত যাতে উক্ত বাতৰি সন্দৰ্ভত ভুল বাৰ্তা দিয়া নহয় এই উদ্দেশ্য আগত ৰাখি বিজনীৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মী ৰবীন্দ্ৰনাথ দাস আৰু মানাস ছেৰফাং মণ্ডলৰ সভাপতি বাপ্পী তালুকদাৰে এই সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।