05/24/2022 - 13:55
in
নিউজ ডেস্কঃ শীতল পানীয় প্ৰস্তুত কৰা কোম্পানীসমূহে ১০টকীয়া পেকৰ দাম বৃদ্ধি কৰা বা বন্ধ কৰাৰ চিন্তা আৰম্ভ কৰিছে। বৰ্তমান ফ্ৰুটি, ট্ৰপিকানা, স্লাইচ, ৰিয়েল আৰু মাজাৰ দৰে চফ্ট আৰু জুচ ড্ৰিংকছ কোম্পানীয়ে ট্ৰেটা পেক ১০ টকাত বিক্ৰী কৰে। ইয়াৰ লগত এডাল ষ্ট্ৰ’ও দিয়া হয়, যাতে গ্ৰাহকে ৰসপান কৰাটো সহজ হয়। বৰ্তমান ষ্ট্ৰ’ বেন হ’বলৈ গৈ আছে কিন্তু কোম্পানীসমূহৰ হাতত ইয়াৰ কোনো উপযুক্ত বিকল্প নাই। প্লাষ্টিক ষ্ট্ৰ’ৰ বিকল্প হ’ল কাগজৰ ষ্ট্ৰ’, কিন্তু কাগজৰ ষ্ট্ৰ’ ভাৰতত বৃহৎ পৰিসৰত নিৰ্মাণ কৰা নহয় সেয়েহে এই কোম্পানীবোৰে ইয়াক যোগান ধৰিব নোৱাৰে। কাগজৰ ষ্ট্ৰ’ কোম্পানীসমূহে ইণ্ডোনেছিয়া, চীন আৰু মালয়েছিয়াৰ পৰা আমদানি কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ খৰচ বৃদ্ধি পাব। ইয়াৰ বাবে কোম্পানীসমূহে হয় ‘১০ টকা’ৰ ডিমাণ্ড মাৰ্কৰ ওপৰলৈ যাব লাগিব নহয় এই পেক বন্ধ কৰিব লাগিব বুলি আশংকা কৰিছে।