05/24/2022 - 19:10
in
কলগাছিয়াঃ কলগাছিয়াৰ কৰাৰকুৰত বেঁকী নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই। বেঁকী নৈৰ খহনীয়াত বিকল্প ৰাজ্যিক ঘাইপথ, নৱনিৰ্মিত আদৰ্শ বিদ্যালয়, বেঁকী দলং লৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইফালে আমগুৰি, খাৰবাল্লী গাঁৱতো খহনীয়াত বহু পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ বুকুত জাহ গৈছে। বেঁকী নৈত বিকল্প ৰাজ্যিক ঘাইপথ খহি যোৱাৰ লগে লগে গুৱাহাটী আমিন গাঁৱৰ পৰা বৰপেটা বঙ্গাইগাঁও হৈ নামনি অসমৰ যাতায়ত ব্যৱস্থা বন্ধ হোৱাৰ আশংকা কৰা হৈছে।
এই ক্ষেত্ৰত ৰাইজৰ দাবীৰ ভিত্তিত আজি জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কালত বৰপেটাৰ সাংসদ আব্দুল খালেক, জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম আৰু আৰক্ষী প্ৰশাসনৰ কেবাজন বিষয়া উপস্থিত থাকে। ইফালে জনীয়া সত্ৰতো প্ৰৱেশ কৰি সেৱা ললে মন্ত্ৰী গৰাকীয়ে।