মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি লিডু অন্ঞ্চলৰ ৰে’লৱে ৰঙ্গমঞ্চত ২০, ২১ আৰু ২২ জুনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তিৰ সশ্ৰদ্ধ সোঁৱৰণেৰে তেখেতৰ ৫০ সংখ্যক মৃত্যুবাৰ্ষিকী আৰু লিডু শাখা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশন খনি উদযাপনৰ আয়োজন কৰা হৈছে৷
ইতিমধ্যে দুয়োটা অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে লিডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পবিত্ৰ গগৈক সভাপতি মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা আৰু বিপুল ৰয়ক কাৰ্যকৰী সভাপতি তপন দে, শ্যামল নেওগক সাধাৰণ সম্পাদক, মনোজ গগৈ, ভাস্কৰ গোস্বামীক যুটীয়া সম্পাদক মিতালী ৰয়, গীতা দেৱী নেওগক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।
মন বাহাদুৰ গুৰুং সমন্বয় ক্ষেত্ৰ নামাকৰণ কৰা লিডু ৰে’লৱে ৰঙ্গমঞ্চত কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৭.৩০ বজাত ক্ষেত্ৰখনি উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে। তাৰপাছতে লিডু শাখা সাহিত্য সভাই ৫২ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে পুৱা ৮ বজাত অসম সাহিত্য সভাৰ সম পৰিমাণৰ পতাকা উত্তোলন কৰা হ’ব। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ, পুৱা ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। পুৱা ১০.৩০ বজাৰ পৰা ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীত সৃষ্টিমূলক নৃত্য বিষ্ণু ৰাভাৰ কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
বিয়লি ৩.৩০ বজাত লিডু শাখা সাহিত্য সভাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। সন্ধিয়া ৭.৩০ বজাত পাটকাই নাট্য গোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ'ব ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ নাট ৰূপালীম। দ্বিতীয় দিনা পুৱা ১০ বজাত নবীন লেখক- লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান ৰামধেনু অনুষ্ঠিত হ'ব ।
বিশিষ্ট যুৱ সাহিত্যিক ৰাজীৱ নিংখীয়ে উদ্বোধন কৰিব লগা এই অনুষ্ঠানটোৰ আঁত ধৰিব ৰামধেনু উপ সমিতিৰ সভাপতি সম্পাদক ক্ৰমে অনিল কোঁৱৰ আৰু উজ্বল চৌধুৰীয়ে। দিনৰ ২.৩০ বজাত মহিলা লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান আকাশ অনুষ্ঠিত হ'ব। বিশিষ্টা সাহিত্যিক ড° ইনু মহন্ত কলিতাই উদ্বোধন কৰিব লগা এই অনুষ্ঠানটোৰ আঁত ধৰিব আকাশ উপ সমিতিৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰী আৰু সম্পাদিকা মিনা নাথে।
সন্ধিয়া ৭.৩০ বজাত ৰঞ্জন নাথৰ দ্বাৰা ৰচিত বাংলা নাট আমৰাও মানুষ মঞ্চস্থ হ’ব। অন্তিম দিনা পুৱা ১০ বজাত নৱনিৰ্বাচিত সভাপতিক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। তাৰ পাছতে দিনৰ ১১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব। সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী মুখ্য অতিথি, ড° গিৰীশ সন্দিকৈ, ড° ৰঞ্জিত দত্ত, ড° ঋষি দাস, দ্বিপেন কুমাৰ বৰা. সুনীল গুৰুং সহ বহু বিশিষ্ট ব্যক্তি অতিথি ৰূপে অংশগ্ৰহণ গ্ৰহণ কৰিব।
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব৷ অভ্যৰ্থনা সমিতিৰ লগতে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতম আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীৰ সফল ৰূপায়নত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজৰে সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে৷