দলগাঁৱত সূলভ মূল্যৰ চাউলৰ চোৰাং ব্যৱসায়ঃ ৩৯ বস্তা চাউল জব্দ

 06/09/2019 - 20:09

দলগাঁওঃ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ঢেকেৰি গাঁৱৰ আব্দুল ওৱাদুদৰ ঘৰৰ পৰা ৩৯ বস্তা চাউল জব্দ কৰাত সমবায়সমূহৰ স্বৰূপ ওলাই পৰিছে৷ এই সংক্ৰান্তত আমছুৱে দলগাঁও থানাত আৰু দৰঙৰ উপায়ুক্তক লিখিতভাৱে অভিযোগ দাখিল কৰিছে৷ অভিযোগ মতে আব্দুল ওৱাদুদে বিভিন্ন সমবায়ৰ পৰা চোৰাংভাৱে ক্ৰয় কৰা চাউল ৱাছমিলত ৱাছ কৰি নতুনকৈ পেকেটিং কৰি বিভিন্ন অঞ্চলত এই চাউলসমূহ বিক্ৰী কৰে৷

ইতিমধ্যে আৰক্ষীয়ে ২৬২/১৯ নম্বৰ ৩৭৯/৪১১/৩৪ আই পি চি ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি মিলৰ মালিক তথা বিজেপি নেতা আব্দুল ওৱাদুদক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ অভিযোগ মতে হিতাধিকাৰীৰ পৰিয়ালৰ সদস্যৰ সংখ্যাৰ তথ্য বিসংগতি কৰাৰ লগতে মাজে সময়ে চাউল আৱণ্টন হোৱা নাই বুলি প্ৰচাৰ কৰি সম্পূৰ্ণ চাউলেই ক’লাবজাৰত বিক্ৰী কৰে৷

সূলভ মূল্যৰ চাউল আৰু কেৰাচিনৰ ক’লাবজাৰত এক বৃহৎ চক্ৰৰ লগতে যোগান বিভাগৰ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷ বাৰম্বাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো জিলা উপায়ুক্তৰ নিৰ্লিপ্ত ভূমিকাত অসন্তুষ্ট হৈ যোগান মন্ত্ৰীৰ হস্থক্ষেপ দাবী জনাইছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।