হাটশিঙিমাৰীঃ মানকাচৰৰ বাঘাপাৰাৰ পৰা শনিবাৰে আবেলি বোৱাৰী অপহৰণ কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বাঘাপাৰত। আমিনা খাতুন (২০) নামৰ এজনী বোৱাৰীক নিজৰ ঘৰৰ পৰা অপহৰণ কৰি লৈ যায় দুষ্ট চক্ৰই। ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে কালাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আমিনা খাতুনৰ স্বামী হাৰাণ আলীয়ে।
জানিব পৰা মতে শনিবাৰে আবেলি ৩ বজাত হাৰাণ আলীয়ে কালাপানী বজাৰত বজাৰ কৰি থকা অৱস্থাত ঘৰৰ পৰা হঠাৎ ফোন আহে আৰু তেওঁৰ ঘৈণীয়েক অপহৰণ হোৱা বুলি খবৰ পাই নিজৰ দেখে সচাকৈয়ে তেওঁৰ পত্নী অপহৰণ হৈছে। পিছত তেওঁ ঘৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত বহু ঠাইত বিচৰাৰ পিছতো কোনো শুংসুত্ৰ নোপোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইফালে ঘটনাটোক কেন্দ্ৰ কৰি সন্দেহজনকভাৱে আজি কালাপানী আৰক্ষী চকীত মানুল্ল্যাপাৰা গাঁৱৰ বাসিন্দা আক্কাছ আলীৰ পুতেক নুৰ হোছেন (৩৩)আৰু বেঙেৰ ভিটা গাঁৱৰ শাৱল আলীৰ পুতেক ফজৰ আলীৰ (২৮) নামত এখন এজাহাৰ দাখিল কৰে অভিভাৱকে।
আনহাতে কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্তোষ কুমাৰ বৰ্মনে গোচৰটো গুৰুত্ব সহকাৰে লৈছে আৰু অতি সোনকালেই ইয়াৰ তদন্ত আৰম্ভ কৰিব আৰু অসম মেঘালয়ৰ প্ৰতিখন থানাত জনোৱাৰ লগতে অতি সোনকালে দোষীক কৰায়ত্ত কৰি অপহৰণকাৰীক জে’ল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আশ্বাস দিয়ে।