নগাঁৱৰ ডচন বিদ্যালয়ক প্ৰথম ধঁপাত মুক্ত বিদ্যালয় ঘোষণা

 05/31/2022 - 17:14

 

 

নগাঁওঃ উপদেশতকৈ আৰ্হি ভাল৷ এই আপ্তবাক্য শাৰী পুনৰ প্ৰতিপন্ন হ'ল এখন বিদ্যালয়ত৷ ছাত্ৰ-ছাত্ৰীক ধঁপাতৰ পৰা আতৰাই ৰখাৰ উদ্দেশ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়েও ব্যৱহাৰ নকৰে ধপাত কিম্বা ধপাত জাতীয় সামগ্ৰী৷ নগাঁৱৰ প্ৰথমখন ধঁপাত মুক্ত বিদ্যালয় ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়৷ নগাঁও জিলা প্ৰশাসনে মঙ্গলবাৰে আনুষ্ঠানিকভাৱে ডচনক ধঁপাত মুক্ত বুলি ঘোষণা্ কৰিছে৷ নগাঁও ধঁপাত নিয়ন্ত্ৰন কোষৰ ৰঞ্জন কুমাৰ গোস্বামী, যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অতুল পাটৰ, বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নাথে বিদ্যালয় খনিৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যক আনুষ্ঠানিকভাৱে ধঁপাত মুক্ত বিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ ১৯১৬ চনত প্ৰতিস্থা হোৱা বিদ্যালয় খনিৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে বিদ্যালয়খনিয়ে ধঁপাত মুক্ত বিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে৷ বিদ্যালয়খনত অধ্যয়নৰত ১৫০০ ছাত্ৰ-ছাত্ৰী সকলো ধৰনৰ ধঁপাতৰ পৰা মুক্ত৷ অধ্যক্ষকে ধৰি ৪৭ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী কোনেও ধঁপাতৰ দ্বাৰা আসক্ত নহয়৷ একেদৰে বিদ্যালয়ত কৰ্মৰত ৫ গৰাকী কৰ্মচাৰীয়েও ধঁপাত সেৱন নকৰে৷ বিদ্যালয় খনৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কোনোধৰণৰ ধঁপাতযুক্ত সামগ্ৰী বিক্ৰি কৰা নহয়৷ খৱৰটো পোৱাৰ লগেলগেই বিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্যে কৰি সকলোই উৎফুল্লিত হৈ পৰিছে৷ প্ৰশংসাৰে উপচাই পেলালে নগাঁৱবাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।