বৰপেটাঃ দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ৮ বছৰ পূৰ্ণ উপলক্ষে আয়োজন কৰা গৰীৱ কল্যাণ সন্মিলনৰ ভাৰ্চুৱেল সন্মিলনত বৰপেটাত বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতাৰ অংশগ্ৰহণ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশৰ পৰা সম্বোধন কৰা গৰীৱ কল্যাণ আচনিৰ অন্তৰ্গত বিভিন্ন আচনিৰ হিতাধিকাৰীৰ ভাৰ্চুয়েলি সভাত অংশ লোৱা সাংসদগৰাকীয়ে বৰপেটা জিলা পুথিভঁৰালত অংশ লৈ দেশৰ দুখীয়া লোকৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ কথা উল্লেখ কৰে৷
অৱশ্যে অকল আঁচনি ললেই নহ'ব, আঁচনি সমুহৰ ১০০ শতাংশ ৰূপায়ণ হ’ব লাগিব৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও উল্লেখ কৰে সাংসদগৰাকীয়ে৷ আনহাতে মুল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰি কৰ’ণাৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি প্ৰকাশ কৰি চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জিলা উপায়ুক্তৰ লগতে আন বিষয়া, হিতাধিকাৰী সকলকে ধৰি বহু লোকে অংশ লয়৷