জামুগুৰিহাটত বিদ্যালয়সমূহৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ পৰিদৰ্শন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

 06/02/2022 - 20:26

 


জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমুহত অনুষ্ঠিত কৰা ২০২২ বৰ্ষৰ গুণোৎসৱ পৰিদৰ্শন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আজি পুৱাই জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১নং বৰদিকৰাই প্ৰাথমিক বিদ্যালয়ত বিধায়ক গৰাকী নিজেই গৈ গুণোৎসৱৰ সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ লগত কথা পাতি তেওঁলোকে পৰিদৰ্শন কৰা বিভিন্ন নৃত্য-গীত অনুষ্ঠান উপভোগ কৰে। বিধায়ক গৰাকীয়ে কয় যে- "মই আজি গুণোৎসৱৰ দিনা ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১নং বৰদিকৰাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত উপস্থিত থাকি এক সুন্দৰ পৰিৱেশ উপভোগ কৰিছো৷ গুণোৎসৱৰ জৰিয়তে যে বিদ্যালয়খনৰ লগতে ছাত্ৰছাত্ৰী সকল উপকৃত হ’ব ইয়াৰ পৰিৱেশে সেই কথা প্ৰতিফলন কৰিছে। শিক্ষক অভিভাৱক ছাত্ৰ-ছাত্ৰী সকলোকে একেলগে লৈহে শৈক্ষিক পৰিৱেশ সৃষ্টি হয়৷ শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত অভিভাৱক সকলে গুৰুত্ব প্ৰদান কৰিলেহে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত উৎজ্জ্বল হ’ব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷ বিদ্যালয়ৰ কন কন শিক্ষাৰ্থীসকলে বিধায়কগৰাকীক এন চি চিৰ জৰিয়তে উষ্ম আদৰণী জনোৱাৰ লগতে এজোপাকৈ গছ পুলি উপহাৰ প্ৰদান কৰি উৎসাহিত কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।