মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি

 06/04/2022 - 19:08

 

 

বিহালীঃ বিহালীৰ সন্তান জোন দাস আৰু নেহা বৰাই মহাৰাষ্ট্ৰ সমতা সাহিত্য একাডেমিয়ে ৰাষ্ট্ৰীয় সাংস্কৃতিক বঁটাৰ বাবে বাঁচনি কৰাত বিশ্বনাথ জিলাৰ বিহালীৰ সাংবাদিক পলাশ প্ৰিয়মে অভিনন্দন জ্ঞাপন কৰে৷ জোন আৰু নেহাই বহুদিনৰ পৰা কণকণ শিশুসকলক ঢোল আৰু বিহুৰ ওপৰত শিক্ষা দান কৰি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল তাৰ ফল স্বৰূপে আজি সুদুৰ মহাৰাষ্ট্ৰত এনে বটা পাবলৈ সক্ষম হৈছে৷ এই বটা পোৱাত অকল বিহালীতে নহয় সমগ্ৰ অসমৰে এক গৌৰৱৰ বিষয়৷ বিশ্বনাথ জিলাৰ বিহালী সাংবাদিক পলাশ প্ৰিয়মে এনে কাৰ্যত সন্তোষ প্ৰকাশ কৰে আৰু দুয়োকে অভিনন্দন জ্ঞাপন কৰা লগতে তেঁওলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰা পৰিলক্ষিত হয়। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।