06/05/2022 - 13:07
in
শালবাৰীঃ সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আজি উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বন বিভাগ, মানাহ এভাৰ ওৱেলফেয়াৰ ছছাইটি, মানাহ জীপ ছাফাৰি এছচিয়েশ্যনৰ উদ্যোগত তথা আছু, আছা, এবিএমছু, এবছু আদি সংগঠনৰ সহযোগত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচীত এক সজাগতামূলক চাইকেল ৰেলি উলিওৱা হয়।
ৰেলিটো ফ্লেগ অফেৰে শুভাৰম্ভ কৰে বাঁহবাৰীৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই৷ বিশ্ব পৰিৱেশ দিৱসৰ এই বৰ্ষৰ থীম ONLY ONE EARTH ক সাৰোগত কৰি উলিওৱা ৰেলিটোৰ জৰিয়তে প্ৰকৃতিৰ লগতে সকলো স্তৰৰ বন্যপ্ৰাণীকুলক সুৰক্ষা প্ৰদান কৰি একেখন পৃথিৱীত সকলোৱে সমভাৱে জীয়াই থকাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়৷ ৰেলিটোত অংশগ্ৰহণকাৰীসকলে ঠায়ে ঠায়ে আজি গছপুলিও ৰোপণ কৰে৷